পৃষ্ঠা:পদ্যাৱলী.pdf/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৪
পদ্যাৱলী।


 ( ৫ )
“অপঘাতে যিটোজন,  প্ৰাণ কৰে বিসৰ্জ্জন,
 অধঃপাত হয় তাৰ-শাস্ত্ৰৰ বচন।
 এনে মৃত্যু বাঞ্ছা তুমি কৰা কি কাৰণ?”
 (৬)
“ভীমাৰ্জ্জুন চাৰি ভাই,  আত্মজ্ঞান হেৰুৰাই,
 এই সৰোবৰে আহি এৰিলে জীৱন,
 ‘নিস্ফল অতীত চিন্তা বোলে বুধজন।”
 (৭)
“যি সান্ত্বনা বাণী, বুলিলা আপুনি,
 নিজেও জানো নিশ্চিত,
কিন্তু নিৰুপায়, তুহ-জুই প্ৰায়,
 পোৰে চিত্ত শোকাগ্নিত।”
 (৮)
“ভাবিলো স্বৰূপ, ভাৰ্য্য়া, চাৰি ভাই,
 যিদৰে এৰিলে প্ৰাণ,
ময়ো সেই দৰে, ই সৰোবৰতে,
 কৰোঁ শোক সম্বৰণ।”
 ( ৯ )
এই বুলি ৰজা, পাণ্ডু-কুল-তেজা,
 আত্ম বিসৰ্জ্জিব গলে,
আকউ পখিটি, যুধিষ্ঠিৰ প্ৰতি,
 সাদৰি ইয়াকে কলে;-