পৃষ্ঠা:পদ্যাৱলী.pdf/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৪
পদ্যাৱলী।

ভাল বস্তু পালে, অতি যতনেৰে,
 সাঁচি ৰাখি টোপলিত;
চেনেহতে মই,  আনি নিজ হাতে,
 থৈ এই সজাটিত;—

(৩)


বৰ হেপাহেৰে, ঠিয়াদি কাষতে,
 কাবউ মিনতি কৰি,
খুৱাওঁ সাদৰে,  লাহে লাহে তোক,
 দুয়ো হাতে ধৰি ধৰি।
ভাত পানী এৰোঁ,  কৰ্ত্তব্য পাহৰোঁ,
 নাযাওঁ কলৈকো্‌ মই,
যেতিয়ালৈ পখি!  খোৱা বস্তু খিনি,
 নোচোৱ ঠোঁটেৰে তই।

(8)


কিন্তু যদি সুখে, হৰিষ মনেৰে,
 লৈ মোৰ উপহাৰ,
সুধা গীত গাৱ,  সুললিত তানে,
 লভোঁ সুখ স্বৰগৰ।
জীৱন যুজত, ভাগৰুৱা হৈ,
 উভতি আহিয়ে মই,
লৰালৰি কৈ, পোন প্ৰথমতে,
 আহি তোৰ কাষলৈ;-