পৃষ্ঠা:পদ্যাৱলী.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৮
পদ্যাৱলী।


 ( ১৭ )
ই দৰে সকলে,  শুশ্ৰষা কৰোঁতে,
 বুঢ়া ক্ৰমে সুস্থ হল,
দুধাৰি চকুলো,  মুখলৈ নামি,
 মুখতেই মাৰ গল।
 ( ১৮ )
যেন তাৰ আতু-  কৃতজ্ঞতা ভাৱ,
 কথাৰে নোলায় ফুটি,
চকুৰ লোৱেৰে, সেই গূঢ় কথা,
 ভাঙ্গি দিলে কৰি ছুটি।
 ( ১৯ )
অকণ অকণ,  ল'ৰা ছোৱালীৰ,
 হাঁহি মাত মাৰ গল,
উপকথা ভাঙি,  হুমুনিয়া কাঢ়ি,
 ধীৰভাবে বহি ৰল।
 ( ২০ )
কিন্তু কি আশ্চৰ্য্য,  তথাপিটো সৱে,
 পূৰ্ব্বাপেক্ষা শতগুণে,
আনন্দ উলাহে,  মনক মাতিলে,
 নিৰ্ভাৱ নিশ্চিন্ত মনে।