পৃষ্ঠা:পদ্যাৱলী.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৰিয়াল বান্ধি সুখে তাত আমি
 নিও দিন জীৱনৰ ৷৷
( ৪ )
দৃষ্টিৰো অতীত পৰমানু যােগে
 ওখ ভূধৰৰ সৃষ্টি ৷
কড়া কড়া কৈ কড়ি সাচিয়েই
 নাম পায় ধনপতি ৷৷
( ৫ )
ক্ষুদ্ৰাদপি ক্ষুদ্ৰ তৃণ-বিৰচিত
 ৰজ্জ্বগুণ প্রভাৱত।
বান্ধী বনৰীয়া মদমত্ত গজো
 সাধাে কাম সংসাৰত ৷৷
( ৬ )
কুঠাৰৰ ঘা’ত বিশাল তৰুও
 ঢলি পৰে পৃথিৱীত।
নগণ্য একেটি অগ্নিস্ফুলিঙ্গতে
 মহা অগ্নি প্রজ্জ্বলিত ৷৷
(৭)
টোপা টোপা কৈ  পানী পৰি পৰি
 কঠিন শিলকো নাশে।
এনেভাৱে যত সৰু বস্তু লৈ
 মহা বিশ্ব পাশে ৷৷

⸺⸻