পৃষ্ঠা:পদ্যাৱলী.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
পদ্যাৱলী।


হে ৰাজকোৱঁৰ! জানিছোঁ অৱশ্যে আমি
যদিও আপুনি নোকোৱা আমাক ভাঙি,
তোমাৰ উদ্দেশ্য তত্ত্ব। জানিছোঁ নিশ্চয়ে
অপাৰ্থিৱ কোনো ধন সাঁচিবৰ মনে
আচৰিছা এনে ব্ৰত। ভাবিছা মনত
সংসাৰৰ দুখ সুখ মিছা সকলোৱে।
মিছা পিতা মাতা, ভাই বন্ধু, দাৰাসুত,
ৰাজা ৰাজ্য-লীলা, মিছা ৰাজ-সিংহাসন
ৰাজাৰ মুকুট; জল বুদ্বুদ্ সম;
অথবা বিজুলী যেনে ক্ষন্তেক সময়
কৰি খেলা মেঘ-কোলে উজলাই দিক্
আকৌ মেঘৰ মাজে দীপ্তিহীন হয়।
বুজিলা গূঢ়াৰ্থ তুমি ভেদি মায়াজাল,
দেখিলা অনিত্য ঐহিকৰ ধন, জন,
জানিলা বিষয়-সুখ সাক্ষাত গৰল।
দেখিলা সংসাৰ-মায়া বাহিৰ শুৱনি,
মন-আকৰ্ষক শেষ যন্ত্ৰণাদায়ক
যেনে মৰু-মৰীচিকা তৃষাতুৰ মৃগে
জল ভ্ৰম কৰি মিছা বধ কৰে প্ৰাণে।
বিষয় আশয়ো তেনে সংসাৰী জনক
পাহৰাই জ্ঞান-বুদ্ধি বান্ধি লোভ-জালে
ভুঞ্জায় যাতনা—ঘোৰ লাঞ্ছনা সন্তাপ।