পৃষ্ঠা:পদ্যাৱলী.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১
পদ্যাৱলী।

(৭)


উঠিল অগনি-শিখা, ঘোৰ মূৰ্ত্তি ধৰি,
 লাহে লাহে আকাশ ধিয়াই,
জীৱ-শূন্য মৃত শৱ, প্ৰিয় জনকৰ,
 থাকিল ই লৰাটিয়ে চাই।

( ৮ )


অতঃপৰে জনকক, বিনয় বচনে,
 সুধিলে “কোৱাচোঁ পিতৃদেৱ!
আমাৰ কি গতি হব, এই বিপদত,
 নাই দেখোঁ জাহাজত কেৱ?”

(৯)


“হল নে সমাধা মোৰ, জীৱন কৰ্ত্তব্য,
 কোৱা পিতৃ অনুগ্ৰহ কৰি,”
কিন্তু সি নাজানে হায়! জাহাজ অধ্যক্ষ
 কিয় যে ইভাবে আছে পৰি।

( ১০ )


“কোৱা পিতা! লৰাটিয়ে সুধিলে দুনাই,
 পাৰিম নে যাব মই আৰু,”
এনেতে অগ্নিৰ শব্দে, ধ্বনিলে গগন,
 ইয়াত নো কি শুনিবা বাৰু?