পৃষ্ঠা:পদ্যাৱলী.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

যযাতিৰ যৌৱন।
⸺:•:⸺

 (দেৱাসুৰৰ যুদ্ধ মহাভাৰতব বৰ্ণিত ঘটনাৰ ভিতৰত এটি প্ৰধান ঘটনা। সহস্ৰলোচন ইন্দ্ৰ দেৱাধিপতি আৰু প্ৰবল প্ৰতাপী বৃষপৰ্ব্বা অসুৰাধিপতি। বৃহস্পতি দেবগুৰু অৰু শুক্ৰাচাৰ্য্য দৈত্যগুৰু। শুক্ৰাচাৰ্য্যৰ কন্যাৰ নাম দেৱজানী আৰু বৃষপৰ্ব্বাৰ কন্যাৰ নাম শৰ্ম্মিষ্ঠা।

 দৈৱযোগে এদিনাখন শৰ্ম্মিষ্ঠা আৰু দেৱযানী উভয়ে উভয়ৰ সখীবৰ্গ সৈতে বনাভ্যন্তৰস্থ চৈত্ৰৰথ নামে সৰোবলৈ স্নানাৰ্থে যাত্ৰা কৰে। ইয়াতে গুৰুকন্যা সৈতে ৰাজকন্যাৰ পৰিধানীয় বস্ত্ৰ লৈ বাদ-বিসম্বাদ ঘটে। শেষত ৰাজকন্যা বিশেষ ক্ৰোধাৰিষ্টা হৈ গুৰুকন্যাক এটি শুকান কূপত পেলাই দি স্বীয় মন্দিৰাভিমুখে প্ৰস্থান কৰে। চন্দ্ৰবংশসম্ভূত মহাৰাজ যযাতি মৃগয়াৰ্থে গৈ তৃষ্ণাবশে জলান্বেষী হৈ কূপ সন্নিকট পায় আৰু দেৱজানীক কূপৰ পৰা উদ্ধাৰ কৰি ৰাজ্যলৈ ওভতে।

 শুক্ৰাচাৰ্য্যে ঘটনা অৱগত হৈ মহা ক্ৰোধে দৈত্যেৰশ্বৰ বৃষপৰ্ব্বাক ভৰ্ৎসনা কৈ ৰাজপুৰী পৰিত্যাগাৰ্থে উদ্যত হলে—অসুৰাধিপতিয়ে নানাৰূপ স্তৱ স্তুতিৰে গুৰুৰ ক্ৰোধ উপশম কৰে আৰু গুৰুকন্যাৰ বাঞ্ছানুযায়ী স্বীয় দুহিতাক তেওঁৰ দাসী কৰি দিয়ে। ৰাজকুমাৰী শৰ্ম্মিষ্ঠায়ো জ্ঞাতিৰ মঙ্গল আৰু মহাগুৰু পিতাৰ আদেশ পালন এই দুই ধৰ্ম্ম ৰক্ষা হেতু বিনা বাক্যব্যয়ে দেবযানীৰ চৰণ সেৱিকা দাসীপণ স্বীকাৰ কৰেহি।

 ঘটনাৰ বহুদিন পাছত শুক্ৰানুগ্ৰহত মাহাৰাজ যযাতি দেৱযানীক প্ৰিয়সখী শৰ্ম্মিষ্ঠাৰ সৈতে ভাৰ্য্যাৰূপে পায় কিন্তু বিবাহকালীন শুক্ৰৰ আদেশ আছিল মহাৰাজ যযাতিয়ে যেন দৈত্যৰাজকুৱঁৰী শৰ্মিষ্ঠাক ভাৰ্য্যাবৎ ব্যৱহাৰ নকৰে। নিয়তি চক্ৰত নহুষ পুত্ৰে এই বাক্য শাশ্বল ৰাখিব নোৱাৰিলে। দেৱযানী গৰ্ভত দুই কোৱঁৰ জন্ম পায় আৰু দৈত্য কন্যাৰ গৰ্ভতো তিনটি কোৱঁৰ জন্মে। দেৱযানী পুত্ৰদ্বয়ৰ নাম যথাক্ৰমে যদু আৰু তুৰ্ব্বসু।

 শৰ্ম্মিষ্ঠা পুত্ৰত্ৰয়ৰ নাম দ্ৰুহ্য, অনু আৰু পুৰু। দেৱযানী এই বিষয় অৱগত হৈ শোকে ক্ৰোধে প্ৰিয় জনকক আহ্বান কৰে। যথাসময়ত আচাৰ্য্য আহি উপস্থিত হয় আৰু স্বীয় বাক্য হেলন হেতু ক্ৰোধাবিষ্ট হৈ—অকাল