পৃষ্ঠা:পদ্যাৱলী.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
পদ্যাৱলী

( ১৪ )


আৰু এক কথা, সুগ্ৰীৱ তোমাৰ,
 নিজ সহোদৰ ভাই,
তাৰে সৈতে নাথ! চিৰকাল বাদ,
 মোৰ মনে নুযুৱাই!

( ১৫ )


পৰিহৰা কোপ, শুনা উপৰোধ,
 তাৰাৰ হৃদয় বিত,
মহান্ হৃদিৰ, প্ৰেম-আলিঙ্গনে,
 তোষা সুগ্ৰীৱৰ চিত!

—০—

কৃপণ আৰু কুবেৰ।

(১)

 মাজ নিশা অন্ধকাৰ নিতাল জগত,
 কঁপিছে প্ৰকৃতি ধুমুহাৰ প্ৰতাপত!
কেৱলে বিজুলী দেবী,  মাজে মাজে নিজ ছবি,
 প্ৰকাশিছে ৰৈ ৰৈ, শূন্যৰ কোলাত,
 পোহৰাই দূৰ বস্তু এই বসুধাত।

(২)


 কাম-কৰ্ম্মী দুয়ো এবে শান্তিৰ বুকত
 লভিছে জিৰণি যুজি; জীৱন যুজত।