পৃষ্ঠা:পদ্যাৱলী.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
পদ্যাৱলী।

(২০)


“দেখিলে দুখীৰ দুখ ওপৰতে পৰে,
আৰু যাতে লভে সুখ তাৰে চেষ্টা কৰে;
জনক জননী মৰা,  দেখিলে ছোৱালী লৰা,
  শুনে সিহঁতৰ দুখ সহানুভূতিৰে,
  বিধবাৰো চকুপানী মোছে দুহাতেৰে।”

(১১)

  কিন্তু যদি ধন-লোভে সাধি পাপ কাম,
আত্ম-দোষ নিদি সিটে, নিন্দে মাথো ধন।
তেন্তে যিটে হত্যাকাৰী,  বধে লক্ষ কোটি অৰি,
  নোহে নিন্দনীয় সিও দুষ্ক্ৰিয়া কাৰণ,
  কেৱল নিন্দাই তাৰ তৰোৱালখন।

এটি ভাব।


(১)


নিশা পৰভাতে, পুৱাৰ আকাশ,
 ৰজত বৰণ হল,
নিয়তি জাগিল,  উৰুলী পৰিল,
 বিশ্ব-মোহ-ভাৱ গ'ল।