পৃষ্ঠা:পদ্যাৱলী.pdf/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৩
পদ্যাৱলী।

( ১০ )


মৰিও অমৰ সেই জনা নৰ
 যাৰ কীৰ্ত্তি জগজন,
গায় সংসাৰত প্ৰেম-ভক্তিভাৱে
 কৰি সদা সোঁৱৰণ।


মইনা।

( ১ )


অতি চেনেহৰ, অকণ পখিটি,
 বৰ ভাল পাওঁ তোক;
নোৱাৰোঁ এৰিব,  ক্ষন্তেকৰ হেতু
 মৰমে বাঁধিছ মোক।
খাওঁতে, লওঁতে, উঠোতে, বহোঁতে,
 ভাবোঁ মই সৰ্ব্বদায়;
তয়ে ময়ে যেন, একেটি পৰাণ,
 ভিন্‌-ভাৱ একো নাই।

(২)


কোনোবা কালত, নপৰে মনত,
 আছিলি সোদৰ তই,
সি কাৰণে তোৰ,  ভাল পোৱা গুণে,
 আজি বন্ধা আছোঁ মই।