পৃষ্ঠা:পদ্যাৱলী.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৭
পদ্যাৱলী।

( ১৮ )


“শুনি বাৰিচৰ, প্ৰশ্নৰ উত্তৰ,
 অতি হৰষিত হৈ,
“ময়ে ধৰ্ম্ম” বুলি, ৰজাক সম্বোধি,
 দিলে নিজ পৰিচয়।”

( ১৯ )


কলে সুকৌশলে, ধৰ্ম্মে মৃদুস্বৰে,
 “শুনা প্ৰিয় যুধিষ্ঠিৰ,
হলোঁ, সন্তোষিত, যিবা মনে বাঞ্ছা,
 মাগা চিত্ত কৰি স্থিৰ।”

( ২০ )


শুনি নৰবৰ, জুৰি দুই কৰ-
 কৰি, কয় নিবেদন,
“জনমে, মৰণে,  যেন সৰ্ব্বক্ষণে,
 তোমাতেই থাকে মন।”

( ২১ )


আৰু যদি দাসে কৃপাবশ হৈ
 কৰা এটি ভিক্ষা দান,
বিমাতৃ-তনয়, প্ৰিয়তম ভাই,
 সহদেৱে দিয়া প্ৰাণ।