পৃষ্ঠা:পদ্যাৱলী.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬
পদ্যাৱলী।


 ( ৯ )
জাৰতে গাৱৰ,  অঙ্গ প্ৰতি অঙ্গ,
 সকলো পৰিছে চেঁচা,
বুকৰ কঁপনি,  ক্ৰমে হীন হৈ,
 জীৱন কৰিছে মিছা।
 ( ১০ )
শীতল বতাহ,  বৰফেৰে সৈতে,
 উত্তৰৰ পৰা বলি,
যেন দুৰ্ভগাৰ, মৃত্যুৰ সমাধি,
 সজাইছেহি দুয়ো মিলি।
 ( ১১ )
মেলাহে দুৱাৰ, দয়ালু গৃহস্থ!
 কৰি কৃপা এটিবাৰ,
চেঁচা বতাহৰ, আক্ৰমণ পৰা,
 ৰাখা প্ৰাণ অভাগাৰ।
 ( ১২ )
জগত-পটত, আঁকা এটি চিত্ৰ,
 কৰি আলহিক দয়া,
দেখোক সকলে, শিকোক ধৰম,
 মাতা উদঙাই হিয়া।