পৃষ্ঠা:পদ্যাৱলী.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

মগনীয়া।

 ( ১ )
জাৰ কালি নিশা,  এক কৃষকৰ,
 এজাক ছোৱালী ল’ৰা,
বহিছে সকলে,  জুহাল-কাষত,
 আনন্দতে হিয়া ভৰা।
 ( ২ )
নাই ৰোগ, শোক, নিৰ্ঘুণী সকলে
 যেন গোলাপৰ কলি,
নানা উপকথা,  পাতি ইটে সিটে,
 হাঁহি হাঁহি পৰে ঢলি।
 ( ৩ )
জুহালৰ জুয়ে,   সৰু ঘৰটিৰ,
 আঁতৰাই অন্ধকাৰ,
পোহৰাইছে তাৰ,  সেই পোহৰতে,
 চুক, কোণ চাৰিধাৰ।
 ( 8 )
এনে সময়তে,  আচম্বিতে সবে,
 শুনে যেন কোনোবাই,
বাহিৰৰ পৰা,  অতি ধীৰে ধীৰে
 দুৱাৰত থপিৰাই;—