পৃষ্ঠা:পদ্যাৱলী.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

চেন্‌লাকৰ যুজ।

 ১০৬৬ খ্ৰীষ্টাব্দত ইংলণ্ডেশ্বৰ প্ৰথম এড্‌ওৱাৰ্ড স্বৰ্গী হয় আৰু ইংলণ্ড দেশৰ ওৱেচেক্স্‌ প্ৰদেশৰ আৰ্ল (জমীদাৰ) গড্উ‌ইনৰ পুত্ৰ হেৰান্ড বাজসিংহাসনত বহে। সংবাদ পাই ফ্ৰান্স দেশ অন্তঃপতী নৰ্ম্মাণ্ডী প্ৰদেশৰ ৰাজকোঁৱৰ উইলিয়মে অলেখ নৰ্ম্মান্ সৈন্য লগত লৈ, ইংলণ্ড আক্ৰমণ কৰেহি। ১৩ই অক্টোবৰ তাৰিখে হেষ্টিংসৰ প্ৰায় ৭ মাইল দূৰৈত “চেন্‌লাক” পৰ্ব্বতৰ ওপৰত উভয় পক্ষে ঘোৰ যুদ্ধ হয়। যুদ্ধত ইংৰাজ সৈন্য সম্পূৰ্ণৰূপে পৰাজিত হয়, হেৰাল্ড যুদ্ধক্ষেত্ৰত প্ৰাণ পৰিত্যাগ কৰে। বিজয়ী উইলিয়াম মহাসমাৰোহে ৰাজধানী সোমায় আৰু ৰাজপাটত বহি নিজক ৰজা বুলি ঘোষণা কৰে।

 হেতু—১ বিজয়ী উইলিয়াম ইংলণ্ডেশ্বৰ এড্‌ওৱাৰ্ডৰ সম্বন্ধত মায়েকৰ পিনেৰে ভায়েকৰ পুতেক আছিল। উইলিয়মে এসময়ত এড্‌ওৱাৰ্ডৰ লগত সাক্ষাৎ কৰিবলৈকে ইংলণ্ডলৈ গৈছিল। এড্‌ওৱাৰ্ড অপুত্ৰক থকায় উইলিয়ামক আশা দিছিল যে, তেওঁ অবিহনে ইংলণ্ডৰ সিংহাসন তেওঁকে সপিব।

 ২-ফৰাচী দেশৰ সাগৰ দাঁতিত কোনো এসময় হেৰাল্ডৰ জাহাজ ধ্বংশ হয় আৰু হেৰাল্ডে উইলিয়ামৰ হাতত বন্দী হয়। ছেগ বুজি উইলিয়ামে হেৰাল্ডক এনেভাবে শপথ বঢ়াই বন্দীৰ পৰা মোকলাই দিয়ে যে এড্‌ওৱাৰ্ডৰ অবৰ্ত্তমানে হেৰান্ডে, ৰাজসিংহাসনত উঠোতে উইলিয়ামক প্ৰাণপণে সহায় কৰিব। কিন্তু এড্‌ওৱাৰ্ড স্বগী হলত যেতিয় হেৰল্ডে নিজে ৰাজপাট অধিকাৰ কৰিলে তেতিয় উইলিয়াম ক্ৰোধত অধীৰ হৈ অলেখ নৰ্ম্মান্ সৈন্য লগত লৈ ইংলণ্ড আক্ৰমণ কৰে।]

 ( ১ )
 বাজিছে সমৰ ভেৰি, ইংলণ্ড কঁপাই,
ইংৰাজ-নৰ্ম্মাণ, সৈন্য,  ভাবি নিজে নিজে ধন্য,
 মহাদাপে, বীৰতেজে, আত্মগৰিমাই
 মাজে মাজে ৰণক্ষেত্ৰ চায় ভূমুকাই।