পৃষ্ঠা:পদ্যাৱলী.pdf/১১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৮
পদ্যাৱলী

শোভি প্ৰকৃতিৰ বুকু নীৰৱে নিৰলে,
কৰিছে সুগন্ধি বন, শান্তি পৰিমলে
নিৰ্ম্মলা সলিলা এক নিজৰা সি ঠাই,
গৈছে বৈ কুলু সুৰে বিভুগুণ গাই।
দুকাষতে শোভে তাৰ কুঞ্জ উপৱন,
বান্ধি হৃদয়ত শিলা বেদীৰ আসন।
সময়ে সুযশা তপা মুনি ভৰদ্বাজ,
ইহেন ঠাইতে সাধে যোগ-যাগ কাজ।
নিসাৰ পৱিত্ৰাশ্ৰম কেননা নাই তাত,
বিনে মুনি, মুনি-পুত্ৰ দ্ৰোণ নামে খ্যাত।
পালি এই পুত্ৰধনে পৰম যতনে,
আচৰে মহান্ তপ মুনি শুদ্ধ মনে।
বাঢ়ি দিনে দিনে পুত্ৰ পূৰ্ণকলা সম,
পালে যথাকালে আহি বৰিষ পঞ্চম।
শুভদিন চাই মুনি আপোন নন্দনে,
হাতে খৰি দিলে তুলি হৰষিত মনে।
শিকাব ধৰিলে কালে নানা বিদ্যাচয়,
ইতিমধ্যে শুনা এক ঘটনা বিষয়।
‘প্ৰশস্ত’ নামেৰে ৰাজা পাঞ্চাল ঈশ্বৰ,
মহাপৰাক্ৰমী খ্যাত ভাৰত ভিতৰ।
আছিল দ্ৰুপদ নামে তাঁৰ এক সুত,
তেজে নৱ সূৰ্য্য জিনি ৰাজ-গুণ যুত।