পৃষ্ঠা:পদ্যাৱলী.pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮১
পদ্যাৱলী

(২)


ঈশ্বৰ প্ৰদত্ত বিবেক উপেক্ষি
 যিটে এই সংসাৰত,
মদ-মত্ত ভাৱে  কৰ্ত্তব্য পাহৰি
 ফুৰে সদা অবাৱত।

( ৩ )


সেইয়ে বোধ শূন্য জ্ঞানীৰ নগণ্য
 মিছা তাৰ ই জনম,
দুৰাশা সাৱটি ঘূৰোঁতেই তাৰ
 নিসিজে একোটো কাম।

(8)


‘তোৰ মোৰ’-ভাৱ  সদায়ে লগত
 যেন সি অজৰামৰ,
চকু থাকোঁতেও ঘূৰি ফুৰে মাথোঁ
 বাট এৰি সজনৰ।

(৫)


ঐহিক সুখকে সুখ বোধ কৰি
 কটায় জীৱন মিছা;
নাভাৱে কাচিতো আহিছে যে সেই--
 আঁউসীৰ কাল-নিশা।