পৃষ্ঠা:পদ্যাৱলী.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পদ্যাৱলী

 ( ২২ )
 বাজিল বিজয়-ভেৰি, “ডিউকৰ জয়।”
লগে লগে চাৰি বাৰ,  প্ৰকৃতিত সুগভীৰ,
 বিনাশি হিৰাল্ডে লব প্ৰসাদ বিজয়,
 গলা দ্ৰুত চেন্‌লাকত, চৰি যুদ্ধ হয়।
 ( ২৩ )
 ললে কাঢ়ি ইংৰাজৰ বিজয় কেতন,
“কুলাঙ্গাৰ কাপুৰুষ,  এই তোৰ ৰাজ্য সুখ,
 ইদৰে হিৰান্ডে বুলি নানা দুৰ্ব্বচন,
 অসিৰ আঘাতে বীৰে কৰিলে নিধন।
 ( ১৪ )
 ধন্য হে হিৰাল্ড তুমি বীৰৰ প্ৰধান,
যোৱা দেৱ ৰথে চৰি,  তেজে দিক জ্যোতি কৰি,
 সুৰ সমাজত পাবা বিহিত সম্মান,
 লভি যুগান্তৰলৈ সুউচ্চ সুস্থান।