পৃষ্ঠা:পদ্যাৱলী.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪
পদ্যাৱলী

( ৬ )


বাৰ, তিথি, মাহ, বৰ্ষ, ঋতু ছয়,
 ঘূৰি এটা পিছে আন,
দেখুৱায় বিশ্ব,—নাট দেখোঁতাক,
 নানাৰূপ ঠান্‌বান্‌।

( ৭ )


তাৰে মাজে মাজে,  নানাৰূপ পট,
 পৰি অলক্ষিত ভাৱে,
ভাৱনাৰ যত, ভাৱৰীয়াবোৰে,
 অলপ জিৰণি দিয়ে।

(৮)


আচৰিত ভাৱ,  দেখি মোহ পাওঁ,
 কবয়ে নোৱাৰো একো,
চিত্ৰৰ পুতলী  সম তধ লাগি,
 একে ধিয়ানেৰে থাকোঁ।

( ৯)


মূহূৰ্ত্ত পৰতে, এই পট পুনু,
 উঠিলেই অভিনয়,
সংসাৰ নাটৰ, এয়ে মহানাট,
 বোলে যত বুধচয়।