পৃষ্ঠা:পদ্যাৱলী.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬
পদ্যাৱলী।

( ১৪ )


লোভে পাপ সিজে,  পাপত মৰণ,
 মহাজন বাক্য শুনো,
তথাপিটো মোহ-  জালে পৰি হায়।
 নাভাবোঁ এতিলমানো।

(১৫ )


পদ্ম-পত্ৰ-জল,  কৰে টল্‌ মল,
 পৰিলে পাবৰ নাই,
নশ্বৰ ধৰাত, নশ্বৰ জীৱনো,
 সমতুল তুলনায়।

( ১৬ )


কত তপস্যাই, নৰ-তনু পাই,
 যদি নিওঁ অবাৱত,
চকু-লোৰে বাট, নাপাম ধৰাত,
 প্ৰাণ যাব অকালত।

শৰত৷

বাৰিষাৰ শেষে চোৱা সুখৰ শৰত,
পিন্ধি উৰি দিলে দেখা জগত-পটত।
আকাশ ডাৱৰ হীন দিক্‌ সুনিৰ্ম্মল,
মোহন মূৰতি হল সকলো ধৱল।