পৃষ্ঠা:পদ্যাৱলী.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫
পদ্যাৱলী।


 ( ৫ )
বৰ ক্ষীণ স্বৰে, বিনয় বচনে,
 সম্বোধিছে বাৰে বাৰ,
“মেলাহে দুৱাৰ,  দয়ালু গৃহস্থ!
 কৰি কৃপা এটিবাৰ।
 ( ৬ )
শিল বৰষুণে,  তিতি-বুৰি মোৰ,
 প্ৰাণ যেন যায় যায়,
আগে পিছে ঘোৰ,  পৰ্ব্বত জঙ্গল,
 যাবলৈও ঠাই নাই।
 ( ৭ )
একে বুঢ়া তাতে,  দৃষ্টি-শক্তি হীন,
 নাই দিশাদিশ জ্ঞান,
ফটা ছিটা কানি,  তিতিছে সকলো,
 প্ৰাণে বঁচা মই টান।
 ( ৮ )
শৰীৰৰো শক্তি,  নাই তিল মোৰ,
 কঁপিব ধৰিছোঁ হায়!
ঠিয়দি থাকোঁতে,  যেন কোনোবায়,
 ঠেলি দি পেলাব চায়।