পৃষ্ঠা:পদ্যাৱলী.pdf/১৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৬
পদ্যাৱলী।


শূন্য মাজে শূন্য স্থানে,  ঘূৰিছে সদায়ে,
  জীৱ হিত সাধন কাৰণ।
তোমাৰে দয়ায়ে দেৱ!  বাৰিদ নিয়মে,
  চলে বাৰি যথাসময়ত;
তোমাৰে কৃপায় নাথ!  জগত সজীৱ,
  বায়ু লাভ কৰি উশাহত।
তোমাৰে কৃপায় বিভো!  দেৱ দিৱাকৰ,
  দিন ৰাতি কৰে সমাধান,
তোমাৰে কৃপায় সদা,  দেৱ সুধাকৰ,
  কৰে শান্তি পৰাণী পৰাণ।
তোমাৰে কৃপায় যত,  তৰু-লতা তৃণ,
  ফুল, ফল, কৰি বিতৰণ।
বিশ্ব-ব্ৰহ্মাণ্ডৰ জীৱে,  ৰাখিছে জীয়াই,
  মৰমত জননী উপম।
তুমি চৰাচৰ গতি,  অচ্যুত, অব্যয়,
  পৰমাণুৰূপে ব্যাপকত;
তুমি আদি ভগবান,  ব্ৰহ্মসনাতন,
  বিশ্ব তযু লোমৰ কূপত।
অচিন্ত্য মহিমা তযু,  অচিন্ত্য শকতি,
  সাধ্য কাৰ দিব পাৰে সীমা?
নিৰাকাৰ সাকাৰ,  ই দুয়োৰূপে তুমি,
  অজ্ঞ আমি তোমাৰ মহিমা।