পৃষ্ঠা:পদ্যাৱলী.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
পদ্যাৱলী।

মোৰ দত্ত কৰুণাৰ, দেখি অপব্যৱহাৰ,
 মই কি নিন্দাৰ যোগ্য এই পৃথিৱীত,
 মোত দোষ নাই, দোষী তোৰ লুব্ধ চিত।”

( ১৭ )


 “কত শত প্ৰৱঞ্চকে ধৰ্ম্মনাম কৰি,
 ফুৰিব ধৰিছে ঘূৰি অৰ্থকে বিচাৰি;
কিন্তু যদি ক্ষমতা,  কোনো এটি গুৰুভাৰ,
 সমৰ্পণ কৰা যায় ইসৱৰ প্ৰতি,
 বাঢ়ে অত্যাচাৰ, হয় উপদ্ৰৱী অতি।”

(১৮)


 “এনে দৰে অত্যাচাৰী নানা উপায়েৰে,
 যেতিয়া ধনৰ পেৰা, ধনে পূৰ কৰে;
তেতিয়াৰ পৰা তাৰ,  বাঢ়ে লোভ অহঙ্কাৰ,
 আৰু নানা পাপে আহি মনক আৱৰে,
 যি পাপ মামৰে, তাৰ হৃদি ক্ষয় কৰে।”

(১৯)


 “কিন্তু যদি এই শক্তি সাধুজনে পায়,
 ত্ৰিভুৱন সুখে তাৰ যশোগীত গায়,
সকলোকে সমভাৱে,  চেনেহ অমিয়া দিয়ে,
 যেনে বৰষুণ পানী জগৎ জুৰায়,
 যাৰ বলে ধৰা উৰ্ব্বৰতা শক্তি পায়।”