পৃষ্ঠা:পদ্যাৱলী.pdf/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
পদ্যাৱলী।

“সত্যবাদী মহাৰাজ, সদা সত্যপৰ,
সত্য পালি স্বৰগত গল নৰবৰ।
শূন্য ৰাজ্য আছে বাছা ৰজা অভাৱত,”
শুনি মোহ গৈ বীৰ পৰে ভূতলত।
সুস্থ হৈ লাহে লাহে ভৰতে সুধিছে,
“শ্ৰীৰাম লক্ষণে আই! কোৱা কি কৰিছে?
মহাৰাজ ৰামক অৰপি ৰাজ্যভাৰ,
ৰাজকাৰ্য্য পৰা তেওঁ লব অৱসৰ।
জানো মই এই যুক্তি আছিল পূৰ্ব্বত,
বৰ্ত্তমানে কিয় তাৰ দেখোঁ অন্যমত।
ৰজাৰ মৃত্যুত নাই তোমাৰ বেজাৰ,
জানো আই! তুমিয়ে কাৰণ কিবা তাৰ?”
বজাৰ কুঁৱৰী দেবী আছে ৰাজ সুখে,
নানা কথা কলে তেওঁ যি আহিল মুখে।
“ৰাম গল বনত, লক্ষণ তাৰ সঙ্গে,
কি ভাবি জনক কন্যা গল লগে লগে!”
ভৰতে সুধিছে “কিয় ৰাম গল বন?
পৰাণ বিদৰে শুনি তোমাৰ বচন।
কাঢ়ি ললে কাৰ ধন, কাৰ বা সুন্দৰী,
কি দোষত ভাই মোৰ হল দেশান্তৰী?”
প্ৰকাশিছে মহাৰাণী ভৰতৰ স্থানে,
ৰামৰ অশেষ গুণ প্ৰথমে বখানে।