পৃষ্ঠা:পদ্যাৱলী.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮২
পদ্যাৱলী।

(৬)


মোৰ ঘৰ-বাৰী মোৰ ভাৰ্য্যা পুত্ৰ
 মোৰ উপাৰ্জ্জিত ধন,
ৰব পৰি হায়ঁ সকলো ইয়াতে
 ফল মাথোঁ উচাটন।

( ৭ )


ঐহিক সম্পদ ক্ষন্তেক দেখোঁতে
 তাৰ কোনো মূল্য নাই।
ইয়াৰ লগত  ফুৰিলে কেৱল
 সন্তাপৰ ভাগ পায়৷

(৮)


সাধুৰ সম্মতি নকৰি দুৰ্ম্মতি
 মিছা লালসাত পৰি,
চলোৱা আত্মাক  সদা সুবাটত
 কৰ্ত্তব্য সাৱটি ধৰি।

( ৯ )


সাধু-মহাজন জীৱনী আলচি
 হে অজ্ঞ বিষয়ী নৰ।
পুৰুষাৰ্থ কৈ তোমাৰ জীৱনো
 কৰা সেই একে গঢ়।