পৃষ্ঠা:পদ্যাৱলী.pdf/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৬
পদ্যাৱলী।

ক'চোন পখি!  মুখ ফালি মোক,
 আৰু তোক যিবা লাগে,
আছো উপস্থিত,  দিওঁ আনি তাকে,
 চাই চিন্তি আগে ভাগে।

( ৮ )


অকণ পখিটি এই কোৱা কথাবোৰ,
শুনি থাকি একে মনে কৰি তল মূৰ।
যেন কিবা কব আশে মোৰ মুখলৈ,
চাই ৰৈ তথা লাগি একে থিৰ হৈ;
বিৰস বদনে নিজ অফুট স্বৰেৰে,
কলে তাৰ মন-ভাব মোৰ এই দৰে;

(৯)


সঁচা কথা তুমি মোক বৰ ভাল পোৱা,
দিনতো শ বেলি কৈ মোৰে বুজ লোৱা।
মই খালে খোৱা তুমি, নাখালে নোখাৱা,
মোক শোব দেখিলেহে তুমি শুব যোৱা
মোৰ লগতেই সুখে, সুখ-গীত গাই,
পাহৰ সংসাৰ-দুখ, ভাব শূন্য হৈ।

( ১০ )


সুখে সুখী, দুখে দুখী, তোমাৰ অন্তৰ,
স্বীকাৰ্য্য; তুমি যে মোৰ প্ৰিয় হিতকৰ।