পৃষ্ঠা:পদ্যাৱলী.pdf/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৩
পদ্যাৱলী।

যাওঁতে যাওঁতে ৰাণী কৰিছে বিষাদ,
“কালৈ কৰিলোঁ মই এতেক প্ৰমাদ?”
শত্ৰুঘন আহিল কৰিব সম্ভাষণ,
ভৰতক কন্দা দেখি কান্দে দুয়োজন।
“ভাই” বুলি সাৱটি ধৰিলে শ্ৰীভৰত,
তিতিল দুয়োৰে অঙ্গ নয়ন জলত।
“শুনা ভাই শত্ৰুঘন! দৈবে যিবা কৰে,
-মানুহে কাচিতো তাক খণ্ডাব নোৱাৰে।
ৰামক অৰ্পিলে ৰাজা, ৰাজসিংহাসন,
কোনে জানিছিল তাত হব অঘটন?
কিন্তু দুয়ো হলোঁ দোষী কৌশল্যা গুৰিত,
চন্দ্ৰ, সূৰ্য্য থাকে মানে এই পৃথিৱীত।
কি সাহেৰে আগুৱাম কৌশল্যাৰ ঠাই,
ধিক্ পাপ জীৱনত আৰু কাজ নাই!”
প্ৰবোধে শত্ৰুঘ্ন “দেব! এৰা অসন্তোষ,
আপুনি জানিছে তেওঁ যাৰ যিবা দোষ।”
অনন্তৰে গল দুয়ো কৌশল্যা ভুৱন,
দেখিলে শোকতে দেবী কৰিছে ক্ৰন্দন।
দুয়ো ভাই ধীৰে ধীৰে শোকাকুল মনে,
লুটি খাই প্ৰণমিলে কৌশল্যা চৰণে।
কোলে তুলি ভৰতক নিয়ে মহাৰাণী,
বুলিব ধৰিলে তেওঁ টুকি চকুপানী।