পৃষ্ঠা:পদ্যাৱলী.pdf/১২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২১
পদ্যাৱলী।

( ২১ )


মিষ্টভোগী মিষ্টতাৰ,  নাজানে সোৱাদ,
 যদি তাৰ তিক্ত বোধ নাই,
অভাৱ নহলে লোকে, নুবুজে কাচিতো,
 কিহেৰে কি উপকাৰ পায়।

( ২২ )


ই কাৰণে ভাল বেয়া, দুখ সুখ দুটা,
 বিধাতাৰ বিধিৰ বিধান,
ঘূৰিছে অনন্ত কাল,  সৃষ্টিৰ পটত,
 চক্ৰবৎ এটা পিছে আন।