পৃষ্ঠা:পদ্যাৱলী.pdf/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৮
পদ্যাৱলী।


 ( ২২ )
 “শুনি ধৰ্ম্মৰাজ, হাসি বুলিলে বচন,
জ্ঞানহীন তুমি ৰায়,  হিতাহিত বোধ নাই,
 সি হেতু বাঞ্ছিছা আজি সহদেৱ প্ৰাণ;
 বিমাতৃৰ তনয়ত কিবা প্ৰয়োজন?
 মাগ৷ অন্য, ভাবি গুণি স্থিৰ কৰি মন।”
 ( ২৩ )
 “আছে নিজ প্ৰিয় ভাই ভীম ধনঞ্জয়,
সি সবৰ একোজন, যদি চোৱা হে ৰাজন্‌!
 সমাদৰি পুনঃ জীৱ দিওঁ ওভতাই।
 পৰ ভায়ে নেদেখোঁ একোটো উপকাৰ,
 নিজ সহোদৰে হিত সাধিব অপাৰ।”
 ( ২৪ )
 “বিশেষ প্ৰৱল ৰিপু আছে দুৰ্য্যোধন,
বিনা ভীম-ধনঞ্জয়, গুছাব সি মহাভয়,
 নাই এনে শক্তি কাৰো, স্বৰূপ বচন।
 জগত প্ৰখ্যাত মহাবলী বীৰদ্বয়,
 কোৱা যদি এজনক দিওঁ প্ৰাণ মই।”
 ( ২৫ )
 নাইবা সাক্ষাৎ দেৱী, লক্ষ্মী স্বৰূপিণী,
পাঞ্চালী দ্ৰুপদ-সুতা,  ৰূপে গুণে সমযুতা,
 সুখে সুখী, দুখে দুখী, অৰ্দ্ধাঙ্গভাগিনী।