পৃষ্ঠা:পদ্যাৱলী.pdf/১২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তাজমহল।

 [দিল্লীশ্বৰ আক্‌বৰ পৌত্ৰ চাজাহানৰ প্ৰিয়তমা মহিষীৰ নাম মমতাজমহল আছিল। চাজাহান জীৱিতাৱস্থাতে মহিষী স্বৰ্গী হলত, তেওঁ স্বীয় অকৃত্ৰিম প্ৰণয়ৰ চিন্‌স্বৰূপ ৰাজ্ঞীৰ কবৰৰ ঠাইত এটি অতি অপূৰ্ব্ব মন্দিৰ সজাই ৰাণীৰ নামানুসাৰে ইয়াৰ নাম তাজমহল দিয়ে। সৌধটি সজাবৰ কাৰণে আৰব, বাগ্দাদ, বচোৰা, মিচৰ, কমায়ুন আদি দেশৰ পৰা বহুমূল্য ৰত্নৰাজি গোটোৱা হৈছিল। বুৰঞ্জীত কয়, এই তাজমহল সজোৱাত ৪,১৪,১৮,৮২৬ চাৰি কোটি চৈধ্য লক্ষ ওঠৰ হাজাৰ আঠশ একুৰি ছয় টাকা ৰূপ খৰচ হৈছিল। প্ৰতিদিনে একুৰি দুই হাজাৰ কৰ্ম্মী এই মন্দিৰ সজোৱা কাম কৰিছিল৷ কুৰি বছৰে মন্দিৰ সজোৱা হয়। পৃথিবীত ইয়াৰ সমতুল্য উৎকৃষ্ট সৌধ আৰু নাই।]

(১)

অতীত গৌৰৱ কীৰ্ত্তি মোগল বাদ্‌ছাৰ,
ঘুষি দিগ্‌দিগান্তৰে, এই বসুধাৰ;
অপূৰ্ব্ব মন্দিৰ ‘তাজ’ দিব্য মনোময়,
দিছে কি পুৰণি-কাৰু-কাৰ্য্য-পৰিচয়!

(২)

উত্তৰ পশ্চিম ভাগে আগ্ৰা নগৰীত,
শোভি অপৰূপ ৰূপে, যমুনা দাঁতিত;
দিল্লীশ্ব দাম্পত্য-প্ৰেম-শোক-লেখালৈ,
আজিও অচল ভাবে আছে থিয় হৈ।

(৩)

ভাৰত বুৰঞ্জী চোৱা মোগল-শাসন,
দেখিবা আক্‌বৰ-পৌত্ৰ খ্যাত চাজাহান;