পৃষ্ঠা:পদ্যাৱলী.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
পদ্যাৱলী।


আলচিলা বহুদিন নানা মুনিমত;
দেখিলা নিয়তি খেলা প্ৰকৃতি কোলাত।
চিন্তিলা কি উপায়েৰে সংসাৰী মানৱ
ভেদি এই মায়াজাল সাঁচি ধৰ্ম্মধন,
লভিব মূকুতি পদ অন্তিম কালত।
ধৰিলা নিস্পৃহা ভাৱ ঘৃণিলা বিষয়,
দিলা পিঠি সংসাৰত হৰষিত মনে।
অৱশেষে তুমি দেৱ! ওলাই ইবেশে
আচৰি—মহান ব্ৰত সোমাই বননি
ধিয়াইছা সুগম পথ জীৱত্ৰাণ হেতু।
ধন্য হে কোৱঁৰ তযু সাধু ই সঙ্কল্প!
যাৰ বলে আজি তুমি বসুধা ভিতৰ
স্বনাম অমৰ কৰি মৰ-জীৱনত
লভিলা মহত্ব-পূজা নৰ সমাজৰ।
কিমানে যে দুখ তুমি প্ৰকৃতি বুকত
ভূঞ্জিলা, ভাবিলে দেৱ! চুৰ্ত্তি হেৰুৱাওঁ।
দুঃসহ তপন-তাপে ভূমুকালে আহি,
জ্বলিল প্ৰকৃতি বুকু দপ্ দপ্ কৰি।
কণ্ঠাগত প্ৰাণে জীৱ লৰালৰি কৈ
ছাঁ-পানী বিচাৰিলে বিয়াকুল হৈ।
দিনে ৰাতি অবিৰাম, বৰ্ষি জলধৰ
জনালে বিশ্বক বাৰিষাৰ আগমন।