পৃষ্ঠা:পদ্যাৱলী.pdf/১২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৮
পদ্যৱলী।

( ৯)


বন, উপৱন, কুঞ্জ, পৰ্ব্বত কন্দৰ,
 হাট-ঘাট আৰু লোকালয়,
ক্ষন্তেক পৰেতে সবে,  শোক-গীত গাই,
 অৰ্দ্ধ বিশ্ব কৰে স্তব্ধময়!

( ১০ )


মাজে মাজে সুনো এই, গভীৰতা ভেদি,
 নিশাচৰ যেন দিনচৰে,
চীঁয়ৰি বিদ্ৰুপ ভাবে,  সুধিছে সঘনে,
 “কেনে সুখ দিলে দিৱাকৰে?”

( ১১ )


লগে লগে প্ৰতিধ্বনি, উত্তৰিছে তাৰ,
 অৱশ্যে তোমাৰ কথা সত্য!
কিন্তু, ই তোমাৰো সুখ, হেৰা নিশাচৰ!
 “মুহূৰ্ত্ততে দেখি অনিত্য।”

( ১২ )


“নাৰাখে ডাৱৰে সদা, আৱৰি গগন,
 লগে লগে সূৰুযৰ ছাতি,
জোনাক-পোহৰ দুটা,  এটা পিছে আন,
 দেখিছোঁ সদায়ে পৰিপাটি।”