পৃষ্ঠা:পদ্যাৱলী.pdf/১১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শিক্ষাদাতা গুৰুজন সাক্ষাৎ ঈশ্বৰ,
নামানিলে আজ্ঞ তাৰ পাপ দুনিবাৰ।
আৰু এক কথা কওঁ শুনা নিষ্ঠা কবি,
সুখে দুখে ৰাখা যেন মনত সুমৰি।
সমান সঙ্গীয় দ্ৰোণ-গুৰুৰ কোৱঁৰ,
অদ্যাবধি হল তেৰ নিজ সহোদৰ।
পৰস্পৰ পৰস্পৰে মিলা প্ৰীতি হৈ,
শিকিবা বেদাদি বিদ্যা মনোযোগ কৈ।
মই মতলীয়া ভাব কৰি পৰিহাৰ,
আচৰিবা সঙ্গী প্ৰতি সজ ব্যৱহাৰ।
জ্যেষ্ঠ ভাই সম বোধে চলিবা সদায়,
একে এৰি অন্যে ফুৰিবা কোনো ঠাই।”
ইদৰে বুজাই পুত্ৰে প্ৰশস্ত ৰাজন্
নমি মুনি পদে গল পাঞ্চাল ভুৱন।
ইপিনে কুমাৰ, দ্ৰোণ সহ, হৰ্ষমনে,
শিকিব ধৰিলে পাঠ ভৰদ্বাজ স্থানে।
সহজতে দুয়োটাৰে ঘটিল প্ৰণয়,
একে এৰি অন্যে বতো নাযায়, নৰয়।
একত্ৰে শয়ন কৰে, একত্ৰে ভোজন,
একত্ৰে খেলায় দুয়ে হৈ হৃষ্টমন।
একত্ৰে আশ্ৰম এৰি ধনু-শৰ ধৰি,
মৃগয়াৰ্থ ফুৰে গিৰি কানন ভ্ৰমৰি।