পৃষ্ঠা:পদ্যাৱলী.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
পদ্যাৱলী।


কিন্তু হে জননি!  কোনোৱে তুষিব,
 নোৱাৰিলে মোৰ মন।
যতে কি নাথাকোঁ, ইদৰে কেৱল,
 তোমাৰে ছবিটি আহি,
হৃদয় ঘৰৰ, চুকত সোমাই,
 ভুমুকি মাৰেহি হাঁহি।
ভাবোঁ সি মুহূৰ্ত্তে,  সি দূৰ দেশতো,
 হে মোৰ জনম থল,
কাহানিনো পুনু, যতনে তোমাৰ,
 পূজিম চৰণ তল!

সুকীয়া নহয় মোৰ ই ভাব মনৰ
সাধাৰণ প্ৰকৃতিৰ বিশ্ব জগতৰ।

( ২ )

ভাবে দৃঢ় ব্ৰহ্মাণ্ডৰ নিজান গুহাত,
আছে এক দিব্য ঠাই—সকলোৰে সাৰ,
আন যেন কোনো তাৰ নোহে তুলনাত;
প্ৰিয়তম ঈশ্বৰৰ, প্ৰিয় বসুধাৰ।

( ৩ )

প্ৰকৃতিৰো অতি প্ৰিয় এই দিব্য স্থল,
যেনি যায় চকু-দৃষ্টি তেনি সুচিকণ—
নদ, নদী, মৰু, গছ, লতা, ফুল, ফল
পৰ্ব্বত ফুলনি, বাৰী, বিল, খাল, বন।