পৃষ্ঠা:পদ্যাৱলী.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
পদ্যাৱলী।


তোমাৰে মাটিতে, পোনে পোনে মই,
 জননীৰ হাত ধৰি,
পাতিছিলোঁ খোজ,  ফুৰিছিলোঁ ঠাই,
 আধাফুটা গান কৰি।
তুমিয়ে আমাৰ, জনমী স্তনত,
 অমৃত কৰিছা দান;
যাৰ বলে আমি, অতি কেঁচুৱাতে,
 ৰাখিব পাৰিছোঁ প্ৰাণ।
তোমাৰে ধুনীয়া, খেতত ওপজা
 ফল শস্য খাই লৈ,
এতিয়াও আমি,  ঘূৰিছোঁ ফুৰিছোঁ,
 ডাঙ্গৰ দীঘল হৈ।
তোমাৰে কোলাত,  লগৰীয়া সৈতে,
 খেলিছিলোঁ নানা খেলা,
তোমাৰে মাটিতে, ফলিগুটি ধৰি,
 লিখিব শিকিছোঁ ফলা।
ইদৰে তোমাৰ, বুকত ওপজি,
 তোমাৰে আদিৰ পাই,
ধন, বিদ্যা, জ্ঞান,  আৰু যশ মান,
 আৰ্জ্জিলোঁ বিস্তৰ আই।
ফুৰিলো দেখিলোঁ দেশ, দেশ, দ্বীপ, মৰু,
 নগৰ, পৰ্ব্বত, বন,