পৃষ্ঠা:পদ্যাৱলী.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২
পদ্যাৱলী।

( ১১ )


ক্ৰমে ঘোৰ উগ্ৰ তাপ,  পৰিল বিয়াপি,
 পৰকাশি ভয়ঙ্কৰ মূৰ্ত্তি,
তথাপি ই বীৰ লৰা, জীৱনৰ অৰ্থে,
 নেৰিলে কৰ্ত্তব্য জ্ঞান চূৰ্ত্তি।

( ১২ )


আৰু বাৰ উচ্চৰৱে, বীৰ লৰাটিয়ে,
 সুধিলে মাথোন জনকত,
কোৱা প্ৰিয় পিতৃদেৱ!  ইভাবে কি মই,
 থাকিম তোমাৰ সমীপত?

( ১৩ )


উঠিল প্ৰচণ্ড অগ্নি, বিয়াপি জাহাজ,
 আৰু এই বীৰত্ব-ৰতন,
চকুৰ অদৃশ্য হল, কেৱল মাথোন,
 ধোঁৱা জুয়ে বেঢ়িলে গগন।

( ১৪ )


ঘোৰ অগ্নি-গৰ্জ্জনত, কঁপিল চৌদিক,
 আৰু এই বীৰ-পুত্ৰ? কি ঘটিল তাৰ?
 সোধাহে পাঠক?  সোধা অনল-অনিলে
  কব, তুমি পাবা সমাচাৰ।