পৃষ্ঠা:পদ্যাৱলী.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
পদ্যাৱলী।

( ১০ )


 বজালে বাজিল ভেৰী, সমৰ গভীৰ,
যতেক নৰ্ম্মাণ সৈন্য, ভাবি আত্ম-তেজ ধন্য,
 আক্ৰমিলে ইংৰাজৰ পাৰ্ব্বত্য শিৱিৰ,
 বৰষি ধনুক ধৰি কোটি লক্ষ তীৰ।

( ১১ )


 হাৰিল নৰ্ম্মাণ্‌, সৈন্য সমৰ ক্ষেত্ৰত,
নাচালে পিছৰ ফালে,  যেয়ে যেনি বাট পালে,
 পলাল আঁতৰি সবে প্ৰাণৰ ভয়ত,
 নামিল পৰ্ব্বত তলী ইংৰাজ হৰ্ষত,
( ১২ )
 উঠিল সমৰক্ষেত্ৰ ধ্বনি এই কথা :-
“ডিউক” নিধন হল, ’হিৰাল্ডৰ’ জয় হল,
 মৰিল নৰ্ম্মাণ্‌-বীৰ পৰি যথা তথা,
 ইংৰাজৰ জয় ৰৱ উঠিল অযথা।

( ১৩ )


 ডিউকে আগতে এই দশা দেখি পাই,
ছত্ৰভঙ্গ সৈন্যে চাই, শিৰস্ত্ৰাণ গুচোৱাই
 কলে উচ্চস্বৰে, সবে “কোনো ভয় নাই,
 জিনিম চেন্‌লাক যুজ ঈশ্বৰ ইচ্ছায়।”