পৃষ্ঠা:পদ্যাৱলী.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
পদ্যাৱলী।

(১০)


শুনো বোলে ৰাম,  সূৰ্য্যবংশধৰ,
 ভ্ৰাতা, ভাৰ্য্যা সঙ্গে কৈ,
পিতৃ-সত্য-হেতু,  আহি অৰণ্যত,
 চতুৰ্দ্দশ বৰ্ষ লৈ :-

( ১১ )


পঞ্চবটী বনে,  তপস্বীৰ বেশে,
 আছিল কুটীৰ কৰি,
তাৰে পৰা তাৰ,  প্ৰিয় ভাৰ্য্যা সীতা,
 ৰাৱণায় নিলে হৰি।

( ১২ )


পিছে সীতা খুজি,  আহোঁতে দুভায়ে,
 ঋষ্যমুখ পৰ্ব্বতত,
সুগ্ৰীৱেৰে ৰামে,  কৰিলে মিত্ৰতা,
 ৰাখি অগ্নি সমুখত।

( ১৩ )


মোৰ মনে ধৰে,  এই দুই ভাইয়ে,
 কৰিছে সহায় তাক,
ই কাৰণে নাথ!  এৰা যুদ্ধ সাজ,
 শুনা অধিনীৰ হাক।