পৃষ্ঠা:পদ্যাৱলী.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
পদ্যাৱলী।

 ( ৬ )
বিনা কাৰণতে,  দেউল মন্দিৰ,
 খঁহি পৰে পৃথিৱীত,
শিয়ালৰ ৰৱে, কিষ্কিন্ধ্যা ধ্বনিছে,
 ইকি দেৱ! আচৰিত?

 ( ৭ )
থাকি থাকি মোৰ, দক্ষিণ নয়ন,
 নাচিব ধৰিছে ঘনে,
মুহুৰ্ত্তে মুহূৰ্ত্তে, উত্ৰাৱল ভাবে,
 কান্দে প্ৰাণ প্ৰতিক্ষণে।

 ( ৮ )
আৰু এক কথা, চোৱা প্ৰাণনাথ!
 তযু, ভয়ে যি সুগ্ৰীৱ;
নাহি ছিল নামি, ঋষ্যমুখ এৰি,
 ভাবি আপোনাৰ শিৱ।

 ( ৯ )
তেনে জন কালি, হাৰিও যুজত,
 আজি আৰু পুনুবাৰ,
কাৰ বল পাই, ৰণ সাজ লৈ,
 আহিল কিষ্কিন্ধ্যা-দ্বাৰ?