পৃষ্ঠা:পদ্যাৱলী.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
পদ্যাৱলী।

দিলে দেখুৱাই তাৰ, কৰ্ম্মফল আপোনাৰ,
 নিন্দিলে নিজকে নিজে হৃদি-আবেগতে,
 আৰম্ভিলে গাৰ আত্ন-পাপ এই মতে।

( ১০ )

 “যদিহে পৃথিৱী মোৰ দুখে দুখী হৈ,
 এই ধন, বুকু মাজে লুকুৱাই লয়।
তেনেহলে মোৰ পাপ, হৃদয়ৰ দুখ-তাপ,
 আপুনি গুছিলে হৈ, শান্তি-সুখ পাই,
 কিন্তু হায়! ধৰ্ম্ম আজি পৃথিৱীত নাই।”

( ১১ )

 কিবা প্ৰায়শ্চিত্ত কৈ, হে কৰুণাময়!
 এই ঘোৰ মহাপাপ গুছুৱাম মই?
হে সৎগুণ বিনাশক, পাপী ধন, প্ৰৱঞ্চক!
 বলহীন নৰে কোনোকালে কদাচিত,
 পাৰে নে কৰিব তোৰ শক্তি পৰাজিত?

( ১২ )

 “তইয়ে পৱিত্ৰ ভাব মানৱ-আত্মাৰ,
 কৰিছ বিনাশ, মাথোঁ নাম আছে তাৰ;
তইয়ে সংসাৰ জুৰি, যত ধৰ্ম্ম কৰ্ম্ম পুৰি,
 পেলাৱ পাপৰ গুটি সকলো ঠাইত,
 হত্যাকাৰী-হত্যা কৰে তোৰেই ফাঁকিত।”