পৃষ্ঠা:পদ্যাৱলী.pdf/১২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২০
পদ্যাৱলী।

(১৭ )


ধ্বনিল কানন, কুঞ্জ, পৰ্ব্বত-কন্দৰ, •
 ‘কুউ’ ‘কুউ’ পঞ্চম সুৰত,
ৰিব্‌, ৰিব কৈ বলি,  সুগন্ধ বতাহ,
 দিলে শান্তি জীৱ পৰাণত।

( ১৮ )


জগ-জীৱ মোহ গল,  পালে নৱ প্ৰাণ,
 পাহৰি হিয়াৰ তাপ-দুখ,
তৰু, লতা, নৱ পাতে, উপচি পৰিল,
 প্ৰকৃতি দেখিলে সুখ-মুখ।

( ১৯ )


উঠিল আনন্দ-ধ্বনি, বিশ্ব খলকাই,
 পাই নৱ বসন্ত আশ্বাস,
গালে জীৱ বিভু-গান, কৃতজ্ঞ অন্তৰে
 সাঁচি হৃদয়ত নৱ আশ।

( ২০ )


বিৰহ-মিলন দুটা,  নিয়তিৰ ক্ৰম,
 দুয়োটাৰে এৰা এৰি নাই,
নহলে এটাতে এনে,  মধুৰতা ভাৱ,
 কদাচিতে বিচাৰি নাপায়।