পৃষ্ঠা:পদ্যাৱলী.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮
পদ্যাৱলী।

 ( ৫ )
যদুৰ দাৰুণ বাণী,  শুনি নৰমণি,
 দিলে তাক ঘোৰ অভিশাপ,
“তোৰ স্ববংশত ৰজা,  নহব কাচিতো,
 চিৰকাল ভুগিবি সন্তাপ।”
 ( ৬ )
যদুৰ সোদৰ ভাই,  ৰূপবান অতিশয়,
 আছিল ‘তুৰ্ব্বসু’ নামে সুত।
সাদৰি সম্বোধি তাক,  যযাতি বুলিলে বাক,
 “শুনা বাছা কথা সুগুপুত!”
 (৭)
“শুক্ৰ-শাপে অকালত,  হল জৰা শৰীৰত,
 ই আৰু নহব খণ্ডন!”
“কিন্তু যৌৱনৰ আশা,  আজিও অপূৰ্ণ বাছা!
 যৌৱন লভিব মোৰ মন।”
 (৮)
ভূপতিৰ বাক্য শুনি,  তুৰ্ব্বসু বুলিলে বাণী
 জোৰ হাতে অনুনয় কৰি,
“ই ৰোগত নবৰায়!  নানা দুঃখ উপজয়,
 এনে ৰোগ দেহা ক্ষয়কাৰী।”