পৃষ্ঠা:পদ্যাৱলী.pdf/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯০
পদ্যাৱলী।

চুমা খাই ৰাণী ভৰতক কোলে কৰি,
সুধিব ধৰিলে সুখে তাৱত বাতৰি;-
“কেকয় ভূপতি পিতা আছে কি কুশলে,
কল্যাণে কি আছে মোৰ সাদৰ সকলে?
সদ্ভাৱে কি আছে মোৰ বিমাতা সকল,
পিতৃ-ৰাজ্য দেৱগিৰি দেশৰ মঙ্গল।
কোৱা মোৰ পৰাণ পুতলা শ্ৰীভৰত,
নিৰ্ব্বিঘ্নেটো আছে, সবে পিতাৰ ৰাজ্যত?”
ভৰতে বুলিলে “আই! নহবা আকুল,
সকলো তোমাৰ শুভ জনকৰ কুল।
তোমাৰ বান্ধৱ কোনো অশান্তিত নাই,
নিছে জীৱনৰ দিন সুখতে সবাই।
তুমি যি কৰিলা প্ৰশ্ন কৰিলোঁ প্ৰকাশ,
মোৰ প্ৰশ্নোত্তৰ দানে গুছোৱা নৈৰাশ।
অযোধ্যা নগৰী কিয় দেখোঁ বিপৰীত,
বিমৰিষ কিয় সবে, শোকাকুল চিত?
চাৰিপিনে কি কাৰণে শুনিছো ক্ৰন্দন,
প্ৰজায়ে কিয়বা মোক কৰিছে নিন্দন?
পিতাক নেদেখোঁ কিয় নিজ ভৱনত,
হাহাকাৰে পূৰ্ণ কিয় আজি নগৰত?”
যি দাৰুণ কথা কাৰো মুখত নোলায়,
কলে ৰাণী সেই কথা হিয়া উদঙাই।