পৃষ্ঠা:পদ্যাৱলী.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অৱস্থাৰ অহঙ্কাৰ।

( ১ )


হেৰা ধনি, অভিমানী, কিয় কৰা মান?
 কিয় বা মিছাতে ভাই!
 ভাবা তুমি সততাই,
“মই বৰ,” “তই সৰু” ই তিনি ভুৱন,
যি সম্পদ অভিমানে, তুমি অভিমানী,
অনিত্য সি অভিমান, দেখে যত জ্ঞানী।

(২)


আকবৰ’ ‘শিবাজী’ ‘পৃথ্বী’ ‘পঞ্চনদেশ্বৰ’
 ঐশ্বৰ্য্য, বিভূতি-বলে,
 ভুগি ধৰা সু-কৌশলে,
শুদা হাতে গ'ল সবে, পাহৰি সংসাৰ।
দেখুৱালে গৰ্ব্বিতক, জগত-পটত,
মিছা যত অভিমান, অসাৰ বিতত।

( ৩ )


চিৰদিন মানুহৰ সমানে নাযায়,
 ৰাজপুত্ৰ যায় বন,
 দৰিদ্ৰৰো সিংহাসন,
চক্ৰবৎ সুখ দুখ ঘূৰে সৰ্ব্বদায়৷
কালৰ কুটিল গতি, বুজে কোনে ভাই!
সঁচা-মিছা ই বিষয় বুৰঞ্জী বুজায়।