পৃষ্ঠা:পদ্যাৱলী.pdf/১২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৯
পদ্যাৱলী।

( ১৩ )


জহ গলে বাৰিষাৰ,  মেঘৰ গাজনি,
  ঢালে পানী মূষল ধাৰায়,
পিছ ক্ষণে শৰতৰ,  হেঙ্গুলিয়া বেলি,
  সুশোভিত কৰে সৰ্ব্ব ঠাই।

( ১৪ )


দুৰন্ত হেমন্তে দেখি,  প্ৰকৃতি জেউতি,
  লগে লগে হিম-বাৰি লৈ,
বিনাশি ই ৰূপ-ৰাশি,   সৰলা দেবীৰ,
  বেগেতে জাৰক মাতে গৈ।

( ১৫ )


কঁপাই উত্তৰ দিশ, শীতল বতাহ,
 নিজৰ প্ৰভুত্ব কাল পাই,
জগ-জীৱে কৰে ব্যস্ত,  আপোন প্ৰভাৱে
 অঙ্গ প্ৰতি অঙ্গ কঁপুৱাই।

( ১৬ )


কিন্তু বিধাতাৰ চোৱা,  কি অসীম দয়া!
 দেখি এই গতি জগতৰ,
পাচে কুলি, ময়লাক, পঠায় বিশ্বক,
 কৰি বসন্তৰ সহচৰ।