পৃষ্ঠা:পদ্যাৱলী.pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৫
পদ্যাৱলী।

(৫)


চাওঁ তোৰ খোৱা— বস্তু আছে নাই,
 শুনো মউ সনা কথা,
পাহাৰোঁ ভাগৰ, পুত্ৰ-পৰিয়াল,
 ধ্যান-মগ্ন যোগী যথা!
অতি চেনেহৰ, মইনা চৰাই।
 আচলতে তই মোৰ,
নশ্বৰ ধৰাৰ, অপাৰ্থিব ধন,
 কি গুণ বৰ্ণিম তোৰ!

( ৬ )


বৰ সোৱাদৰ, নানা উপচাৰ,
 খাবলৈ তোক দিওঁ,
কদৰ্য্য দেখিলে,  ততালিকে তাক,
 চকু আঁতৰাই নিও।
দিনত দুবেলি, স্ফটিক জলত,
 পখলাও গাৱ মূৰ,
অভাৱ অসুখ, নাই ই থলত,
 চিৰ-শান্তি ভৰপূৰ।

(৭)


ব্যাধি কিম্বা আন, শতুৰুৱে তোক,
 নোৱাৰে চুব ইয়াত,
তথাপিটো কিয়, আমন জিমন,
 থাক মাজে সময়ত?