পৃষ্ঠা:পদ্যাৱলী.pdf/১৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

স্তোত্ৰ।

বিশ্বাৰাধ্য, বিশ্বেশ্বৰ,  বিশ্বৰ নিদান,
  তুমিয়ে সবাৰো হোৱা সাৰ!
তুমি সৃষ্টি, তুমি স্থিতি, তোমাতেই লয়,
  বিশ্ব-বশ ইচ্ছায় তোমাৰ।
দেৱৰো দেৱতা তুমি,  ভৱ সাৰ-ধন,
  তুমি নাথ! দয়াৰ সাগৰ;
সৰ্ব্ব জীৱে সমভাবে, কৰিছা পালন,
  মনত নাভাবি আত্নপৰ।
সনাথক যেনেকৈ,  ৰাখিছা যতনে,
  অনাথকো ৰাখা সেইৰূপ;
তোমাৰ চেনেহ ধনে,  নোহে কোনো দুখী,
  পশু, পক্ষী, দুখী, সুখী, ভূপ।
তোমাৰ সৃষ্টিৰ প্ৰভো!  ৰচনা কৌশল,
  কি আশ্চৰ্য্য, মন বিমোহন!
যেতিয়া যিপিনে চাওঁ,  সিপিনেই দেখোঁ,
  সুন্দৰতাময় সৰ্ব্বস্থান।
তোমাৰ কৃপায় গ্ৰহ-  উপগ্ৰহ যত,
  ইটে সিটে কৰি আকৰ্ষণ,