পৃষ্ঠা:পদ্যাৱলী.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( 8 )


চঞ্চলা কমলা সদা, অচলা নহয়,
 আজি আহে কালি যায়,
 স্থিৰতা একোৱে নাই,
যেনে পদ্ম-পত্র-নীৰ, অস্থিৰ সদায়।
মনুষ্যৰো ভাগ্য ঠিক্ এনে ভাবি মনে,
অৱস্থাৰ অহঙ্কাৰ এৰে বুধ জনে।



সৰু বস্তু।



( ১ )


তৃণ হেন জ্ঞানে কোনাে বস্তুকেই
 আওহেলা অনুচিত।
ক্ষুদ্র সমবায়ে বৃহৎ গঠিত
 ঈশ শক্তি নিৰূপিত ৷৷

( ২ )


দৈনন্দিন কৃত- কাৰ্য্য সমষ্টিৰে
 নৰদেহ নিৰমাণ।
পল, অনুপল সময় মিলিয়ে
 বছৰৰ পৰিমাণ ৷৷

( ৩ )


ইষ্টক উপৰি ইষ্টক স্থাপিয়ে
 সাজি দিব্য পকি-ঘৰ।