পৃষ্ঠা:পদ্যাৱলী.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
পদ্যাৱলী।

(৩)


হঠাতে প্ৰচণ্ড জুয়ে, বেঢ়িলে জাহাজ,
 নুমাবৰো কাৰো সাধ্য নাই,
হাহাকাৰ কৰি সবে, প্ৰাণৰ ভয়ত,
 পাৰলৈ আহিল পলাই।

( ৪ )


নাথাকিল কোনো হায়! কেৱলে লৰাটি,
 পালিব জীৱন মহ’ব্ৰত,
মৃত-পিতৃ-শয্যা পাশে,  থাকিল নিচুকি,
 জ্বলন্ত জাহাজ ওপৰত।

(৫)


বায়ু অনুকূলে ঘোৰ, অগনিৰ শিখা,
 বেঢ়িলেহি দিশ্‌ পোহৰাই,
তথাপি বীৰৰ তেজে, এই বীৰ লৰা,
 ৰল একে ভাবে-সেই ঠাই।

(৬)


যদিও বিপদে আহি, চাপিছে ওচৰ,
 তথাপি সি এৰি জনকক,
বিনা আদেশত তাৰ, তুচ্ছ প্ৰাণ লৈ,
 প্ৰতিজ্ঞা, সি নাযাব পাৰক।