এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
পদ্যাৱলী
জননী সন্তান-বুকে, নিদ্ৰা যায় মহা সুখে,
কেৱল কৃপণ এক অসাৰ চিন্তাত,
ভুগিছে অসুখ তাৰ সুখদা শয্যাত।
শূন্যমাৰ্গে যেয়ে মেঘে গাজে সঘনাই
কৃপণ চমকি উঠি চাৰি পিনে চায়।
কি জানি কোনোৱে তাৰ, নিবলৈ ধন-ভাৰ,
নেদেখা ভাৱেৰে আহি ঘৰত সোমাই,
পেৰা মেলি সকলোকে নিয়ে আঁতৰাই।
চকুত টোপনি নাই ভাৱত আকুল
ধৈৰ্য্যহীন যেনে বন দগ্ধ-মৃগীকুল।
“কি হব, কলৈ যাম”— “কত যাই লুকুৱাম”
“কি জানো কোনোৱে নিয়ে”—এই চিন্তামূল,
এই চিন্তা জুয়ে তাক কৰিলে বাতুল।
নাপালে পৱিত্ৰ শান্তি নিদ্ৰাৰ কোলাত,
শয্যা এৰি নানা কথা ভাবিলে হিয়াত।
ক্ষণেক নিচুকি ৰৈ, ইপিনে সি পিনে গৈ,
এখোজ দুখোজ কাঢ়ি আন্ধাৰ কোঠাত,
ফুৰিলে টহালি নানাৰূপ কু-চিন্তাত।