এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চমকে প্ৰতিটো খোজে, কঁপেও সঘনে।
ব্যাধ-পাশ-বিমুক্তা হৰিণী যেনে বনে।
এবেলি উভতি চাই, আৰু বেলি আগুৱাই,
যেন তাৰ পিছ ধৰিছেহি কোনো জনে,
গুপ্ত ভাৱে অমঙ্গল ঘটাবৰ মনে।
চুক্, কোণ, ঘৰটিৰ চালে, ভাল কৰি
প্ৰতি পেৰা, প্ৰতি তালা, প্ৰতিটো পেটাৰি।
দেখিলে সকলো তাৰ, আছে পৰি পূৰ্ব্বাকাৰ,
য’তে যিবা সাঁচিছিল সংগোপন কৰি,
অতি যতনেৰে দূৰ অতীজকে ধৰি।
তথাপি মনত শান্তি লভিব নোৱাৰি,
মেলি গৈ ধন-পেৰা লৰালৰি কৰি।
দেখি অপ্ৰমিত ধন, আনন্দে বিভোৰ মন,
চাই ৰল যেনে মন্ত্ৰ-মুগ্ধ কালফণী,
অথবা অজ্ঞান মৃগী, বাঁহী-ৰৱ শুনি।
বিবেক শক্তিয়ে কিন্তু, এবে অকস্মাৎ
খুন্দিয়ালে আহি তাৰ পঙ্কিল হিয়াত্।